Pathak Nagen Baishya✓ Verified
@pathaknagenbaishya
অসমৰ অন্যতম শ্ৰেষ্ঠ পাঠক, নাগাৰা নামৰ বিশিষ্ট শিল্পী নগেন বৈশ্য দেৱৰ সৃষ্টিৰাজি এই চেনেলটোৰ মাজেৰে প্ৰকাশ কৰা হব। তেখেতে ৰচনা কৰা আৰু সুৰ দিয়া সমস্ত নাগাৰা নাম, তেখেতৰ কণ্ঠত আৰু তেখেতৰ শিষ্য সকলৰ কণ্ঠত প্ৰকাশ কৰা হব । নিচেই কম বয়সতে "জয়মতী" নাগাৰা নাম ৰচনা কৰি তেখেত গোটেই অসমত জনপ্ৰিয় হৈ পৰিছিল। ১০০ টাতকৈও অধিক নাম লিখা তেখেতৰ কিছুমান কালজয়ী নাগাৰা নাম হ'ল : ভাগ্য বিধাতা, কালিয় দমন, ভৃগু পৰীক্ষা, নাপিত নৰহৰি, সন্ধ্যা ললিতা কান্তা, মহাৰথী কৰ্ণ, নৰকাসুৰ, সৰগ নৰক বসুন্ধৰী (গান্ধাৰীৰ অভিশাপ), পুৰ্বলন্দী ভৱিষ্যতি (লাওখোলা), পৰিক্ষীতৰ ব্ৰহ্মশাপ, শ্ৰীকৃষ্ণৰ মৎস্য ৰূপ দৰ্শন, অন্ধ মুনিৰ অভিশাপ আদি। তাৰ উপৰিও, তেখেতে লিখা শাস্ত্ৰৰ বাহিৰৰ নাম হ'ল : জয়মতী, মিৰি জীয়ৰী, কনকলতা, কাৰ্গিল যুদ্ধ, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ইত্যাদি যিবোৰে অসমত আলোড়নৰ সৃষ্টি কৰিছিল। জয়মতী তেখেতৰ সৰ্বকালৰ শ্ৰেষ্ঠ নাম। তেখেতে মুঠ এশৰো অধিক নাগাৰা নাম ৰচনা কৰিছিল যিটো এটা নাগাৰা নামৰ ইতিহাসত অভিলেখ। অঙ্গি ভঙ্গী আৰু নৃত্যৰ ক্ষেত্ৰত তেখেত সবাতোকৈ শ্ৰেষ্ঠ পাঠক আছিল। কালক্ৰমত তেখেতে নাগাৰা নামৰ 'সম্ৰাট' উপাধি পাইছিল।
Format
Type
/api/banner/UCgs_Ds6bnTw2-83eHUm9qHw?format=webpChannel Info
- Country
- IN
- Joined
- Feb 18, 2012
- Keywords
- PathakNagenBaishya
Download Pathak Nagen Baishya's YouTube Banner
Use banner.yt to download Pathak Nagen Baishya's YouTube banner, channel art, and profile picture in any format. Our API supports WebP (recommended for best compression), AVIF, JPEG, and PNG formats. Choose from preset sizes optimized for desktop, TV, tablet, and mobile, or specify custom dimensions.
Simply use the URL /api/banner/UCgs_Ds6bnTw2-83eHUm9qHw to embed this banner anywhere — in websites, apps, Discord bots, or OBS overlays. No API key required.